Psalms 141

দায়ুদৰ ৰচিত গীত।

1হে যিহোৱা, মই তোমাক মাতিছো;
তুমি শীঘ্রেই মোৰ ওচৰলৈ আঁহা।
মই প্ৰাৰ্থনা কৰা কালত তুমি মোৰ স্বৰলৈ কাণ পাতা।
2মোৰ প্ৰাৰ্থনা তোমাৰ আগত সুগন্ধি ধূপৰ দৰে হওঁক,
মই ওপৰলৈ তোলা মোৰ হাত সন্ধ্যা উৎসর্গ কৰা বলিদানৰ দৰে হওঁক।

3হে যিহোৱা, মোৰ মুখৰ আগত তুমি ৰখীয়া ৰাখা,

মোৰ ওঁঠৰ দুৱাৰত ৰখীয়া ৰাখা।
4কোনো মন্দ বিষয়ত মোৰ মন প্রবৃত্ত নকৰিবা,
মই যেন অধার্মিক লোকসকলৰ সৈতে দুষ্টতাৰ কাৰ্য্য নকৰো;
তেওঁলোকৰ সুস্বাদু আহাৰ যেন মই গ্রহণ নকৰো।

5ধাৰ্ম্মিক লোকে মোক প্ৰহাৰ কৰক, সেয়া মোৰ বাবে এক দয়া হ’ব;

তেওঁ মোক অনুযোগ কৰক,
সেয়া মোৰ মূৰত দিয়া তেলৰ নিচিনা হ’ব;
মোৰ মূৰে তাক গ্রহণ কৰিবলৈ অগ্ৰাহ্য নকৰক।
কিন্তু মোৰ প্রার্থনা সকলো সময়তে
দুষ্ট লোকসকলৰ কার্যৰ বিৰুদ্ধে থাকিব।
6তেওঁলোকৰ শাসক সকলক ওখ পর্বতৰ ওপৰৰ পৰা তললৈ পেলোৱা হ’ব,
তেতিয়া তেওঁলোকে মোৰ বাক্যলৈ কাণ দিব, কিয়নো সেয়ে মধুৰ।
7মানুহে হাল বাই যেনেকৈ মাটি ভাঙে,
তেনেকৈ আমাৰ অস্থিবোৰ চিয়োলৰ মুখত সিচঁৰিত হৈছে।

8কিন্তু হে মোৰ ঈশ্বৰ যিহোৱা, মোৰ চকু তোমাৰ ফালেই আছে;

, মই তোমাতেই আশ্ৰয় লৈছো,
মোৰ প্ৰাণ মৃত্যুৰ হাতত এৰি নিদিবা।
9তেওঁলোকে মোৰ কাৰণে যি জাল পাতিছে,
তাৰ পৰা মোক ৰক্ষা কৰা,
অধার্মিক সকলৰ ফান্দৰ পৰা মোক ৰক্ষা কৰা।
দুষ্ট লোকসকল তেওঁলোকৰ নিজৰ জালত নিজেই পৰক,
আৰু মই সেই সময়ত অকলেই ৰক্ষা পাম।
10

Copyright information for AsmULB